Class 10 Assamese Chapter 1: বৰগীত Question Answer(প্ৰথম অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ)
GyanBrix Academic Team
Updated for 2025-26 HSLC Syllabus
SEBA Class 10 Assamese Chapter 1 বৰগীত (Borgeet) is one of the most important chapters in theদশম শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰম. In this post, we have provided complete and accurate question answers to help you prepare for your HSLC board examinations. All answers are curated by expert teachers according to the latest SEBA guidelines.
Table of Contents
Short Type Questions (১. চমু কৈ প্ৰশ্নৰ উত্তৰ দিয়া)
(ক) "………..নেৰিবা বান্ধৱ মোক জীৱনে মৰণে ৷" - কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ?
কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে শ্ৰীকৃষ্ণক অনুৰোধ কৰিছে।
(খ) ‘’সনক, সনন্দ যোগী য়াহাকু ধিয়ায় ৷’’ - সনক, সনন্দ আদি যোগী সকলে কাক ধ্যান কৰে বুলি কৈছে ?
সনক সনন্দ আদি যোগী সকলে কৃষ্ণক ধ্যান কৰে বুলি কৈছে ।
(গ) কবিয়ে কিহত আতুৰ হোৱা বুলি কৈছে ?
কবি বিষয় বিকলে আতুৰ হোৱা বুলি কৈছে ।
(ঘ) বৰগীতটি কোনে ৰচনা কৰা ?
বৰগীতটো শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল ।
(ঙ) বৰগীত কি কি ৰাগত বন্ধা আছে ?
বৰগীত বসন্ত ৰাগত বন্ধা আছে ।
(চ) কবিয়ে ' বান্ধৱ ' বুলি কাক সম্বোধন কৰিছে ?
কবিয়ে ' বান্ধৱ ' বুলি শ্ৰীকৃষ্ণক সম্বোধন কৰিছে ।
(ছ) ‘মোহ-পাশ’ মানে কি ?
‘মোহ-পাশ’ মানে – মায়াৰ বন্ধন ৷
অতিৰিক্ত প্ৰশ্ন উত্তৰ :
(ক) বৰগীতৰ কবি জনৰ নাম কি ?
বৰগীতৰ কবি জনৰ নাম হ'ল শ্ৰী শ্ৰী মাধৱদেৱ ।
(খ) মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু কি ?
মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু শিশু কৃষ্ণৰ লীলা ।
(গ) মাধৱদেৱৰ এখন তত্বমূলক গ্ৰন্থৰ নাম কি ?
মাধৱদেৱৰ এখন তত্বমূলক গ্ৰন্থৰ নাম হ'ল ‘’ৰত্নাৱলি’’ ।
(ঘ) নামঘোষাৰ অন্য এটা নাম কি ?
' হেজাৰী ' ঘোষা ।
(ঙ) মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান ?
মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা ১৫৭ টা ।
(চ) মাধৱদেৱৰ পিতৃ মাতৃৰ নাম কি আছিল ?
পিতৃৰ নাম গোবিন্দগিৰী ভূঞা আৰু মাতৃ মনোৰমা ভূঞা ।
(ছ) মাধৱদেৱৰ নাটক সমূহক কি বুলি কোৱা হয় ?
মাধৱদেৱৰ নাটক সমূহক ' ঝুমুৰা ' বুলি কোৱা হয় ।
Want all Chapter Notes Offline?
Download the free GyanBrix app to get complete Class 10 solutions, daily mock quizzes, and track your rank on the leaderboard.
Long Type Questions & Explanations (দীঘল প্ৰশ্নোত্তৰ আৰু ব্যাখ্যা)
২. বৰগীতৰ মূলভাৱ লিখা ।
বৰগীতৰ কবি গৰাকী হ'ল - নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱ । তেখেতৰ জন্ম হয় ১৪৮৯ চনত , লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত । বৰগীটিৰ জৰিয়তে কবিয়ে হৰিৰ (ভগৱান) চৰণত সেৱা জনাইছে যাতে এই পৃথিৱীত ভগৱানে তেওঁক কৃপাৰ দৃষ্টিৰে চাই ।
গুৰুজনাই ' হৰিক বাপ ' বুলি সম্বোধন কৰি তেওঁৰ চৰণৰ যুগলত নিজকে নিবিদিছে । হৰিৰ প্ৰতি ' গুৰুজনাই ' এটাই অনুৰোধ কৰিছে আৰু ভগৱানৰ আশীস বিচাৰি কাকুতি - মিনতি কৰি কৈছে যে তেওঁক যেন জীৱনে - মৰনে সংগ দিয়ে । গুৰুজনাই ভাৱে সাধৰণ মানুহে ভগৱানৰ কৃপা লাভ কৰাতো ইমান সহজ নহয় । কিয়নো মহা মহা যোগী সকলে ধ্যান কৰিওঁ ভগৱানৰ দৰ্শন পাবলৈ সক্ষম নহয় । পৰম কৰুনাময় ভগৱানক নিগম শাস্ত্ৰৰ যোগেদিওঁ বিচাৰি নাপায় । ভগৱান অসীম অন্তৰূপী । এই সংসাৰ মায়া - মোহৰ জালত আবদ্ধ হৈ কবিয়ে আতুৰ হৈ পৰিছে । কবিয়ে ভগৱানক ওচৰত এয়াই আবেদন কৰিছে যে হৰিয়ে তেওঁৰ যেন সংসাৰ বৈতৰণী পাৰ কৰাই নিয়ে । বিনয় বাসনাত আতুৰ কবিয়ে তেওঁৰ মহিমা নাপায় । তেনেস্থলত তেনেই নিঃকিন কবি গৰাকীয়ে নিজৰ মনত বাহ লোৱা সংসাৰিক মায়ামোহৰ পৰা আতৰাই যাতে ভগৱানৰ চৰন যোগলত ঠাই দিয়ে তাৰে প্ৰাৰ্থনা কৰি প্ৰণিপাত জনাইছে ।
৩. বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া ।
বৰগীতটিৰ কবিগৰাকী হ'ল - শ্ৰী শ্ৰী মাধৱদেৱ । শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হয় লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ চনত । তেওঁৰ পিতৃ গাবিন্দগিৰী ভূঞা আৰু মাতৃ মনোৰমা । শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুকৰণ কৰি বাৰাদি , গণককুছি , সুন্দৰীদিয়া , ভেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল । এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হʼল - ' নামঘোষা ' । এ হেজাৰটা ঘোষা থকা বাবে এইখক ‘’হেজাৰী ঘোষা’’ বুলিও কোৱা হয় ।
মাধৱদেৱৰ বৰগীতৰ সংখ্যা হ'ল : - নকুৰি এঘাৰটা ৷ মাধৱদেৱে নাটক , ঝুমুৰা আদি ৰচনা কৰিছিল । তেখেতৰ নাট দুখনৰ নাম হ'ল - অৰ্জুন ভঞ্জন , দধিমথন , জন্ম ৰহস্য , চোৰধৰা ইত্যাদি । তেখেতৰ আখ্যানমূলক ৰচনা - ৰাজসূয় কাব্য , আদি কাণ্ড ৰামায়ণ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক সাধৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ অৰ্থে তেওঁৰ ৰচনাৰাজিত ঘৰুৱা ভাৱ ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ সহজে বুজি পোৱাত সহায় কৰিছিল ।
৪. ব্যাখ্যা কৰা -
(ক) সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা ।
অধমে জানিবো কেনে তোমাৰ মহিমা ।
উপৰোক্ত কথাফাকি আমাৰ পাঠ্য পুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ‘বৰগীত’ পাঠৰ পৰা তুলি দিয়া হৈছে ।
বৰগীতটিত ভগৱনান শ্ৰী কৃষ্ণৰ অপাৰ মহিমাৰ কথা কোৱা হৈছে । কবিয়ে কৈছে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ, কৃষ্ণ হৈছে এই পৃথিৱীৰ চৰাচৰ গুৰু । সনক , সনন্দ মহাযোগীসকলেও যিজনক ধ্যান কৰে , সেয়া হৈছে জগতৰ ইশ্বৰ শ্ৰীকৃষ্ণ । সকলো নিগম শাস্ত্ৰইও ভগৱান শ্ৰী কৃষ্ণৰ কথা কৈ শেষ কৰিব নোৱাৰে ,হাজাৰ খন মুখেৰেও যাৰ নাম গুণানু কীৰ্তন কৰি শেষ কৰিব নোৱাৰে , সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে অধমে কিদৰে জানিব আৰু সেয়ে বাবেই কবিয়ে ভগৱানৰ চৰনত শৰণ লৈছে । নিজৰ দাস্য ভক্তিৰ অৱতাৰণ কৰি কবিয়ে ভগৱান্তৰ সান্নিধ্য বিচাৰিছে ।
কবিজনৰ এই জীৱন সাধনাৰ পথকে অনুকৰণ কৰি আজিও অসমৰ প্ৰতিখন ঘৰে ঘৰে বাজি উঠে খোল-মৃদাংগ আৰু তালৰ সুৰত ভগৱানৰ ভক্তিৰ প্ৰাৰ্থনা ।
(খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে ।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ।
উক্ত কথাফাকি আমাৰ পাঠ্য পুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ‘বৰগীত’ পাঠৰ পৰা তুলি দিয়া হৈছে ।
বৰগীত ফাঁকিত কবিয়ে ভগৱান শ্ৰীকৃষ্ণক সাংসাৰিক মায়া বান্ধোনৰ পৰা উদ্ধাৰ বিচাৰি প্ৰাৰ্থনা জনাইছে ।
সংসাৰৰ মায়া মোহৰ এনাজৰী ডাল অতি বিশাল । তাৰ পৰা পৰিত্ৰান পোৱাৰ একমাত্ৰ পথ হৈছে , ভগৱানৰ চৰনত শৰন লোৱা । সংসাৰৰ দুখ যন্ত্ৰনাই কবিক অতিষ্ঠ কৰি তুলিছে । সেয়ে তেঁও তাৰ পৰা পৰিত্ৰান বিচাৰি ভগৱান শ্ৰীকৃষ্ণৰ চৰনত কাকুতি – মিনতি কৰিছে । পৰমেশ্বৰ শ্ৰী হৰিয়ে যেন তেঁওৰ ওপৰত কৃপা বৰ্ষণ কৰি ভগৱন্তৰ কমল সদৃশ শ্ৰীচৰনত স্থান দিয়ে ।
(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন ।
ভকত জনেৰ নিজ তুমিসে জীৱন ।
উক্ত কথাফাকি আমাৰ পাঠ্য পুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ‘বৰগীত’ পাঠৰ পৰা তুলি দিয়া হৈছে ।
উপৰোক্ত পদফাকিৰ মাজেৰে কবিয়ে পৰমেশ্বৰ শ্ৰী শ্ৰীকৃষ্ণক এই বিশাল বিশ্বৰ জনক অৰ্থাৎ সৃষ্টি কৰ্তা , পালক তথা সাংসাৰক আৰু শ্ৰীকৃষ্ণৰ কমল সদৃশ শ্ৰীচৰণকে জীৱনৰ চৰম মহাধন যেন জ্ঞান কৰিছে ।
কবিৰ মতে সংসাৰৰ মায়া বান্ধোনৰ পৰা মুক্তি লাভ কৰিবলৈ হলে ভগৱানৰ শ্ৰীচৰণৰ শৰণ লোৱাৰ বাহিৰে অন্য কোনো উপায় নাই । শ্ৰীকৃষ্ণৰ অনিৰ্বাচনীয় মহিমাৰ জ্যোতিয়ে তেৰাৰ হৃদয়ত উদ্দাশিত কৰে আৰু তেঁও ভগৱানৰ প্ৰসংসাত পঞ্চমুখ হৈ পৰে । ভগৱানেই হৈছে এই বিশ্বব্ৰহ্মাণ্ডৰ পালনকৰ্তা । গতিকে তেঁওৰ চৰণত শৰণ লোৱা মানে জগতৰ অমুল্য সম্পদ লাভ কৰাৰ সমান । সেয়ো সংসাৰৰ মায়াত আতুৰ হৈ পৰা কবিয়ে নিজকে ভগৱানৰ চৰণত সমৰ্পন কৰিছে । আনকি ভগৱানৰ জয় মালা গাওতে গুৰুজনাই নিজক অধম বুলিবলৈ কুন্ঠাবোধ কৰা নাছিল । ভগৱানৰ শ্ৰৱন – কীৰ্তন শয়ন , দাস্যত্ব আৰু আত্মাৰ নিবেদনেই আছিল তেৰাৰ জীৱন সাধনা ।
সচাকৈয়ে মহাপুৰুষ জনাই আমাক যি হৰিৰ ভক্তিৰ উৎস দি গল ,সেয়া বিশ্ব মানৱৰ অধ্যাত্মিক পটভূমিত চিৰকাল জিলিকিব ।
৫. ‘সনক সনন্দ যাহাকু ধিয়ায়’
সকল নিগমে যাক বিচাৰি নাপায়।‘
- তাৎপৰ্য বিচাৰ কৰা ।
প্ৰশ্নোক্ত বৰগীত ফাকিৰ জৰিয়তে মহাপৰুষ শ্ৰী শ্ৰী মাধৱদেৱে পৰম, অন্তহীন মহিমাৰ গৰাকী নেদেখাজনৰ গুনাণুকীৰ্তনত ব্যস্ত হৈ পৰিছে ।
হৰি আৰু তেৰাৰ ভকতৰ মাজৰ সম্পৰ্ক দুগ্ধৰ ধৱলত্ব আৰু মূধৰত্বৰ লেখীয়া ভকতৰ বাবে হৰিয়েই হল জীৱনৰ সাৰ – সৰ্বস্ব ৷ হৰিৰ মহিমা অপাৰ , স্ৰজন পালন , সংহাৰ আদি তিনিও কালৰ গৰাকী হৰিৰ কৃপা আৰু কৰুনাই মানৱী জনমৰ একমাত্ৰ আশ্ৰয়স্থল । মহাযোগীসকলেও শ্ৰীকৃষ্ণৰ নামত জীৱনৰ সৰ্বোচ্চঅৰ্পন কৰা স্বত্বেও তেৰাৰ সানিধ্য পোৱা নাই । শাস্ত্ৰবোৰৰ ক্ষেত্ৰটো তদ্ৰুপ । নিগম শাস্ত্ৰটো হৰিৰ মহিমাৰ সীমা বিচাৰি পোৱা নাই ।
কৰ্মৰ বান্ধোনৰ বাবেই এই সংসাৰ । কিন্ত সংসাৰত ভোগধাৰী হিচাপে জন্ম লভি মায়া – মোহ , কাম ক্ৰোধ আদি ষড় ৰিপুৰ ঠেক গণ্ডীত আৱদ্ধ হৈ কোনো লাভ নাই , এই সংসাৰত ধন –জন , পুত্ৰ পৰিবাৰ সকলো অস্থিৰ । জীৱনৰ শেষ সাৰথি মাথো হৰি । আমি স্বাৰ্থপৰ মানুহবোৰে মায়াজালত ঘুমুটিয়াই ফুৰি হৰিৰ অস্তিস্ত পাহৰি যাওঁ । কিন্ত যিজন হৰিৰ শত বদনেও আৰধনা কৰি পোৱা নাই । সেইজনা হৰিৰ এই সংসাৰত আমি অধম বোৰেনো কেনেকৈ মহিমা বুজি পাম । তথাপি কৃষ্ণই জগত নিয়ন্তা বুলি, তেওঁক নিস্পৃহ আৰু অচলা ভক্তি নিবেদন কৰিবলৈ কবি জনাই পৰামৰ্শ দিছে । গুৰু জনাৰ মতে হৰিৰ শ্ৰৱন , কীৰ্তন , দাসত্ব আৰু আত্মাৰ নিবেদন যাৰ জীৱনৰ মূল মন্ত্ৰ , তেৰাৰ সাধনাই হৰিৰ লগত আন্তৰাত্মিক সংযোগ স্থাপন কৰি যিজনাৰ কৃপাদৃষ্টি লাভ কৰিবলৈ যত্নপৰ হয় । মুঠতে হৰিয়েই যে এই সংসাৰৰ অনাদি অনন্ত ভগৱন্ত তাক বুজোৱাৰ আৰতেই বৰগীত ফাকিৰ তাৎপৰ্য নিহিত হৈ আছে ।
৬. বৰগীতৰ চাৰিটা লক্ষনৰ বিষয়ে লিখা –
- ১) বৰগীত সমূহ শাস্ত্ৰীয় ৰাগ – তালযুক্ত গীত ।
- ২) বৰগীতৰ ভাষা ব্ৰজাৱলী ।
- ৩) বৰগীতসমূগ ভক্তিমূলক তথা ইশ্বৰৰ মাহাত্ম্য প্ৰকাশক ।
- ৪) শংকৰ – মাধৱে লিখা গীত সমূহক বৰগীত বোলা হয় । নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্য বৰগীৰ সমূহ ৰচনা কৰা হৈছিল ৷
৭. ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰা –
ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য সমূহ হল –
- ১) ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথালী ভাষা ।
- ২) ই এটা কৃত্ৰিম ভাষা । মধ্যযুগীয় বৈষ্ণৱ কবি সকলে এই ভাষাটো ব্যৱহাৰ কৰিছিল ।
- ৩) ব্ৰজাৱলী ভাষাটো এহাতে শক্তিশালী আৰু স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰূতিমধুৰ ।
- ৪) ব্ৰজাৱলী ভাষা উৰিষ্যা ,বংগ আৰু থলুৱা ভাষাৰ মিশ্ৰনেৰে কিছু সুকীয়া স্থান গ্ৰহন কৰিছে ।
- ৫) পশ্চিমা হিন্দীৰ তাপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই ।
Textual Grammar (ভাষা বিষয়ক)
১/ তলত দিয়া শব্দ কেইটাৰ আধুনিক ৰূপ লিখা –
নপাৱন্ত , কেনে , ভৈলোহো , তুমিসে , জনেৰ , কহয় ।
- নপাৱন্ত – নাপায়
- কেনে – কিদৰে , কেনেকৈ
- ভৈলোহো – হলো
- তুমিসে – তুমিয়েই
- জনেৰ – সকলৰ , জনৰ
- কহয় – কয় ।