Class 10 General Science Chapter 1 Solution: Chemical Reactions and Equationsৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
GyanBrix Academic Team
Updated for 2026 SEBA Syllabus
Welcome to the complete SEBA Class 10 Science Chapter 1 Answer 2026 for Assamese Medium. This chapter covers ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions and Equations). Below, you will find a highly detailed Class 10 General Science Chapter 1 Solution specially designed for Assamese medium students, including every TextBook Question Answer, MCQ Answer, and notes perfect for your next Quiz. If you are looking for the most accurate ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Class 10 Science Chapter 1 Question Answer In Assamese Medium, you are in the right place.
TextBook Question Answer (প্ৰশ্নাৱলী 1)
প্ৰশ্ন: ১) বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিস্কাৰ কৰি ল’ৱ লাগে কিয়?
মুক্ত অৱস্থাত বায়ুত মেগনেছিয়ামৰ ফিটা এডাল ৰাখিলে, বায়ুত থকা অক্সিজেনৰ সৈতে মেগনেছিয়ামে বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইডৰ পাতল তৰপ এটা উৎপন্ন কৰে যিয়ে ইয়াক অতিৰিক্ত দহনত বাধাৰ সৃষ্টি কৰে। সেয়ে বায়ুত দহনৰ আগতে মেগনেছিয়াৰ ফিটা এডাল পৰিস্কাৰ কৰি ল’ৱ লাগে।
প্ৰশ্ন: ২) তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাৱে সন্তিলিত সমীকৰণ লিখা-
(i) হাইড্ৰ’জেন + ক্ল’ৰিণ → হাইড্ৰ’জেন ক্ল’ৰাইড
(ii) বেৰিয়াম ক্ল’ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ৰাইড
(iii) ছ’ডিয়াম + পানী → ছ’ডিয়াম হাইড্ৰ’ক্সাইড + হাইড্ৰ’জেন
(I) হাইড্ৰ’জেন + ক্ল’ৰিণ → হাইড্ৰ’জেন ক্ল’ৰাইড
ৰাসায়নিক সমীকৰণ: H2(g) + Cl2 (g) → 2HCl (g)
(II) বেৰিয়াম ক্ল’ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ৰাইড
ৰাসায়নিক সমীকৰণ: BaCl2 + Al2(SO4)3 → BaSO4 + AlCl3
(III) ছ’ডিয়াম + পানী → ছ’ডিয়াম হাইড্ৰ’ক্সাইড + হাইড্ৰ’জেন
ৰাসায়নিক সমীকৰণ: 2Na + 2O → 2NaOH + H2 (↑)
প্ৰশ্ন: ৩) তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State Symbol) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।
(I) বেৰিয়াম ক্ল’ৰাইড আৰু ছ’ডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাৱ্য বেৰিয়াম ছালফেট আৰু ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ প্ৰস্তুত হয়।
(II) ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ (পানীত) হাইড্ৰ’ক্লৰিক এছিডৰ দ্ৰৱ(পানীত) ৰে সৈতে বিক্ৰিয়া কৰি ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।
(I) বেৰিয়াম ক্ল’ৰাইড (l) + ছ’ডিয়াম ছালফেট (l) → বেৰিয়াম ছালফেট (↓) + ছ’ডিয়াম ক্ল’ৰাইড (aq)
সমীকৰণ: BaCl2 (l) + 2NaSO4 (l) → 2BaSO4 (↓) + 2NaCl (l)
(II) ছ’ডিয়াম হাইড্ৰ’ক্সাইড (l) + হাইড্ৰ’ক্লৰিক এছিড (l) → ছ’ডিয়াম ক্ল’ৰাইড (aq) + পানী (l)
সমীকৰণ: NaOH (l) + HCl (l) → NaCl (aq) + H2O (l)
প্ৰশ্নাৱলী 2:
প্ৰশ্ন: ১) এটা পদাৰ্থ “X” ৰ দ্ৰৱক বগা ৰঙ সানিৱলৈ (White washing) ব্যৱহাৰ কৰা হয়।
(i) পদাৰ্থ ‘X’ৰ নাম আৰু সংকেত লিকা।
(ii) পানীৰে সৈতে পদাৰ্থ ‘X’ এ কৰা বিক্ৰিয়াটো লিখা।
(i) পদাৰ্থ ‘X’ ৰ নাম হৈছে ‘পোৰা চূণ’, আৰু ইয়াৰ সংকেত হৈছে – CaO (কেলছিয়াম অক্সাইড)
(ii) কেলছিয়াম অক্সাইডে পানীৰে সৈতে বিক্ৰিয়া কৰি কেলছিবাম হাইড্ৰ’ক্সিড উৎপন্ন কৰে [Ca(OH)2]
বিক্ৰিয়া: Cao (s) + H2O (l) → Ca(OH)2 (aq)
(পোৰাচূণ) + (পানী) → (শিথিলিত চূণ)
প্ৰশ্ন: ২) কাৰ্যকলাপ ১.৭ ত এটা পৰীক্ষানলত, সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰক্ষীনালত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয়?
যেতিয়া অম্ল যুক্ত পানীৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত কৰা হয়, তেতিয়া পানীৰ বিযোজন ঘটি ই হাইড্ৰ’জেন (H2) আৰু অক্সিজেনলৈ (o2) ৰূপান্তৰিত হয়।
2H2O (l) → H2 (g) + O2 (g)
যিহেতু পানীত, H2 আৰু O2 ৰ অনুপাত 2:1 গতিকে হাইড্ৰ’জেন গেছ সংগ্ৰহ কৰা পৰীক্ষানলীটোৰ আয়তন অক্সিজেন গেছ সংগ্ৰহ কৰা পৰীক্ষানলীটোৰ দুগুণ ।
গেছটোৰ নাম - হাইড্ৰ’জেন গেছ (H2)
প্ৰশ্নাৱলী 3:
প্ৰশ্ন: ১) লোৰ গজাল এটা ডুবাই ৰাখিলে ক’পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়?
যেতিয়া লোৰ গজাল এটা ক’পাৰ ছালফেট দ্ৰৱত ডুৱাই ৰখা হয় তেতিয়ে, লোৰ গজালে ক’পাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰি ফেৰাছ ছালফেট (FeSO4) ৰ দ্ৰৱ উৎপন্ন কৰে।
Fe (s) + CuSO4 (aq) → FeSO4 (aq) + Cu (s)
(আইৰণ) + (ক’পাৰছালফেট নীলা বৰণ) → (ফেৰাছছালফেট পাতল সেউজীয়া বৰণ)
প্ৰশ্ন: ২) কাৰ্যকলাপ 1.10 ত দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বিঅপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া?
ছিলভাৰ নাইট্ৰেটে (AgNO3) ছ’ডিয়াম ক্ল’ৰাইডৰ জলীয় দ্ৰৱৰ সৈতে বিক্ৰিয়া কৰি ছ’ডিয়াম নাইট্ৰেট আৰু ছিলভাৰ ক্ল’ৰাইড উৎপন্ন কৰে।
AgNO3 (l) + NaCl (l) → AgCl + NaNO3
প্ৰশ্ন: ৩) তলৰ বিক্ৰিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাচি উলিওৱা।
(i) 4Na (s) + O2 (g) → 2Na2O (s)
(ii) CuO (s) + H2 → Cu (s) + H2O (l)
(i) 4Na (s) + O2 (g) → 2Na2O (s)
ইয়াত Na য়ে O লাভ কৰি Na2O লৈ জাৰিত হৈছে
(ii) CuO (s) + H2 → Cu (s) + H2O (l)
ইয়াত CuO য়ে O হেৰুৱাই Cu লৈ বিজাৰিত হৈছে আৰু, H2 য়ে O লাভ কৰি H2O লৈ জাৰিত হৈছে ।
Want all Chapter Notes Offline?
Download the updated GyanBrix app (v2.1.0) for a seamless bilingual experience (Assamese & English), offline notes, and daily mock quizzes to track your rank on the leaderboard!
Exercise Solutions (অনুশীলনী)
প্ৰশ্ন: ১) তলৰ বিক্ৰিয়াটোৰ বাৱে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?
2PbO (s) + C (s) → 2Pb (s) + CO2 (g)
(a) লেড বিজাৰিত হৈছে ।
(b) কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে ।
(c) কাৰ্বন জাৰিত হৈছে ।
(d) লেড অক্সাইড বিজাৰিত হৈছে ।
(i) (a) আৰু (b)
(ii) (a) আৰু (c)
(iii) (a),(b) আৰু (c)
(iv) সকলো
(i) (a) আৰু (b)
প্ৰশ্ন: ২) Fe2O3 + 2Al → Al2O3 + 2Fe
ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ
(a) এটা সংযোজন বিক্ৰিয়াৰ
(b) এটা দ্বিঅপসৰণ বিক্ৰিয়াৰ
(c) এটা বিযোজন বিক্ৰিয়াৰ
(d) এটা অপসৰণ বিক্ৰিয়াৰ
(d) এটা অপসৰণ বিক্ৰিয়াৰ
প্ৰশ্ন: ৩) কি ঘটে যেতিয়া লঘূ হাইড্ৰ’ক্ল’ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ? শুদ্ধ উত্তৰটোত টিক চিন দিয়া ।
(a) হাইড্ৰ’জেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয় ।
(b) ক্ল’ৰিণ গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয়।
(c) বিক্ৰিয়া নঘটে ।
(d) আইৰণ লৱণ আৰু পানী উৎপন্ন হয়।
(a) হাইড্ৰ’জেন গেছ আৰু আইৰণ ক্ল’ৰাইড উৎপন্ন হয় ।
প্ৰশ্ন: ৪) সন্তুলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণসমূ্হ কিয় সন্তুলিত কৰিৱ লাগে?
যি ৰাসায়নিক বিক্ৰিয়াত কাড় চিনৰ দুয়োফালে বিক্ৰিয়ক আৰু বিক্ৰিজাত পদাৰ্থসমূহৰ মৌলৰ অণুসমূহৰ সংখ্যা একে থাকে, তাকে সন্তিলিত ৰাসায়নিক সমীকৰণ বোলে।
উদাহৰণস্বৰূপে, 2Mg + O2 → 2MgO
ভৰৰ নিত্যতা সূত্ৰ অনুসৰি ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ’ৱ নোৱাৰে অৰ্থাৎ, ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়ক মৌলবোৰৰ মুঠ ভৰৰ সমান হ’ৱ লাগিৱ । সেয়ে, আমি জঁকা ৰাসায়নিক সমীকৰণ এটা সন্তুলিত কৰিৱ লাগে ।
প্ৰশ্ন: ৫) তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা ।
(a) হাইড্ৰ’জেন গেছে নাইট্ৰ’জেনৰে সৈতে লগ হৈ এম’নিবা প্ৰস্তুত কৰে।
(b) হাইড্ৰ’জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে।
(c) বেৰিয়ান ক্ল’ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে।
(d) পটেছিয়াম ধাতুৱে পানিৃএ সেটে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।
a) 3H2 (g) + N2 (g) → 3NH3 (g)
b) 3H2S (s) + 3O2 → 2H2O (l) + 2SO2 (g)
c) 3BaCl2 + Al2(SO4)3 → 2AlCl3 + 3BaSO4 (↓)
d) 2K (s) + 2H2O (l) → 2KOH (aq) + H2 (g)
প্ৰশ্ন: ৬) তলৰ ৰাসায়নিক সমীকৰণ সমূহ সন্তুলন কৰা।
(a) HNO3 + Ca(OH)2 → Ca(NO3)2 + H2O
(b) NaOH + H2SO4 → Na2SO4 + H2O
(c) NaCl + AgNO3 → AgCl + NaNO3
(d) BaCl2 + H2SO4 → BaSO4 + HCl
a) 2HNO3 + Ca(OH)2 → Ca(NO3)2 + 2H2O
b) 2NaOH + H2SO4 → Na2SO4 + 2H2O
c) NaCl + AgNO3 → AgCl + NaNO3
d) BaCl2 + H2SO4 → BaSO4 + 2HCl
প্ৰশ্ন: ৭) তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।
(a) কেলছিয়াম হাইড্ৰ’ক্সাইড + কাৰ্বন ডাই অক্সাইড → কেলছিয়াম কাৰ্বনেট + পানী
(b) যিংক + ছিলভাৰ নাইট্ৰেট → যিংক নাইট্ৰেট + ছিলভাৰ
(c) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ
(d) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পতেছিয়াম ক্ল’ৰাইড
(a) Ca(OH)2 + CO2 → CaCO3 + H2O
(b) Zn (s) + 2AgNO3 (aq) → Zn(NO3)2 (aq) + 2Ag (↓)
(c) 2Al + 3CuCl2 → 2AlCl3 + 3Cu
(d) BaCl2 + K2SO4 → BaSO4 + 2KCl
প্ৰশ্ন: ৮) তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা।
(a) পটেছিয়াম ব্ৰ’মাইড (aq) + বেৰিয়াম আয়’ডাইড (s) → পটেছিয়াম আয়’ডাইড (aq) + বেৰিয়াম ব্ৰ’মাইড
(b) যিংক কাৰ্বনেট (s) → যিংক অক্সাইড (s) + কাৰ্বন ডাই অক্সাইড (g)
(c) হাইড্ৰ’জেন (g) + ক্ল’ৰিণ (g) → হাইড্ৰ’জেন ক্ল’ৰাইড (g)
(d) মেগনেছিয়াম (s) + হাইড্ৰ’ক্লৰিক এছিড (aq) → মেগনেছিয়াম ক্ল’ৰাইড (aq) + হাইড্ৰ’জেন
(a) 2KBr (aq) + BaI2 → 2KI (aq) + BaBr2 (aq)
= দ্বিঅপসৰণ বিক্ৰিয়া
(b) ZnCO3 (s) → ZnO (s) + CO2 (g)
= বিযোজন বিক্ৰিয়া
(c) H2 (g) + Cl2 (g) → 2HCl (g)
= সংযোজন বিক্ৰিয়া
(d) Mg (s) + 2HCl (aq) → MgCl (aq) + H2 (g)
= অপসৰণ বিক্ৰিয়া
প্ৰশ্ন: ৯) তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা ? উদাহৰণ দিয়া ।
তাপবৰ্জী: যিবোৰ ৰাসায়নিক বিক্ৰিয়াত তাপ শক্তি নিৰ্গত হয় তাকে তাপবৰ্জী বিক্ৰিয়া বোলে ।
উদাহৰণস্বৰূপে, বায়ুৰ উপস্থিতিত Mg ৰ দহন –
2Mg (s) + O2 → 2MgO + তাপশক্তি
তাপগ্ৰাহী: যিবোৰ ৰাসায়নিক বিক্ৰিয়াত তাপ শক্তি শোষণ হয় তাকে তাপগ্ৰাহী বিক্ৰিয়া বোলে ।
উদাহৰণস্বৰূপে, N2 আৰু O2 ৰ মাজত সংঘটিত বিক্ৰিয়া –
N2 (g) + O2 (g) + তাপশক্তি → 2NO (g)
প্ৰশ্ন: ১০) শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হয় ? ব্যাখ্যা কৰা ।
আমি যেতিয়া আহাৰ গ্ৰহণ কৰো, তেতিয়া খাদ্যত থকা কাৰ্ব’হাইড্ৰেতসমূহ গ্লুক’জ ৰূপে আমাৰ দেহত সঞ্চিত হয়। শ্বসন কাৰ্যত এই গ্লুক’জৰ অণুসমূহে আমি উশাহত গ্ৰহণ কৰা অক্সিজেনৰে সৈতে জাৰিত হৈ কাৰ্বন-ডাই-অক্সাইড, পানী আৰু যথেষ্ট পৰিমাণে তাপশক্তি নিৰ্গত কৰে, যিয়ে আমাৰ দেহৰ আৱশ্যকীয় শক্তিৰ যোগান ধৰে। সেয়ে, শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বোলা হয় ।
C6H12O6 (aq) + 6O2 (g) → 6CO2 (g) + 6H2O (l) + 2820 (K)
প্ৰশ্ন: ১১) বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় ? এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা।
যি ৰাসায়নিক বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ভাঙি একাধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাকে বিযোজন বিক্ৰিয়া বোলে।
আনহাতে, যিবোৰ ৰাসায়নিক বিক্ৰিয়াত দুই বা তাতোধিক বিক্ৰিয়ক লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাকে সংযোজন বিক্ৰিয়া বোলে। সেয়ে, সংযোজন বিক্ৰিয়াক বিযোজন বিক্ৰিয়াৰ বিপৰীত বুলি কোৱা হয়।
বিযোজন বিক্ৰিয়াৰ উদাহৰণ:
CaCO3 (s) → CaO (s) + CO2 (g)
সংযোজন বিক্ৰিয়াৰ উদাহৰণ:
N2 (g) + 3H2 (g) → 2NH3 (g)
প্ৰশ্ন: ১২) তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা ।
(a) তাপ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়া:
CaCO3 (s) → CaO (s) + CO2 (g)
(b) পোহৰ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়া:
H2O2 (l) → H2O (l) + O2 (g)
(c) বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়া:
2H2O (l) → 2H2 (g) + O2 (g)
প্ৰশ্ন: ১৩) অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি ? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা ।
যি ৰাসায়নিক বিক্ৰিয়াত এটা সক্ৰিয় ধাতৱ মৌলই আন এটা কম সক্ৰিয় ধাতৱ মৌলক তাৰ লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰি নিজে প্ৰতিষ্ঠাপিত হয় তাকে অপসৰণ বিক্ৰিয়া বোলে ।
উদাহৰণস্বৰূপে: Zn (s) + CuSO4 (aq) → ZnSO4 (aq) + Cu (s)
ইয়াত Zn ধাতুৱে Cu ক CuSO4 ৰ দ্ৰৱৰ পৰা অপসাৰিত কৰি ZnSO4 ৰ লৱণ উৎপন্ন কৰিছে।
আকৌ, আনহাতে যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক দুটাৰ মাজত এনায়নৰ (-) সালসলনি হয় তাকে দ্বি-অপসৰণ বিক্ৰিয়া বোলে।
উদাহৰণস্বৰূপে: BaCl2 (aq) + Na2SO4 (aq) → BaSO4 (aq) + 2NaCl (s)
ইয়াত Cl- আৰু SO42- আয়ন দুটাই ক্ৰমে Na+ আৰু Ba2+ ৰ সৈতে সাল-সলনি হৈছে।
প্ৰশ্ন: ১৪) ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয়। জড়িত বিক্ৰিয়াটো লিখা।
নিৰ্ণেয় বিক্ৰিয়াটো হ’ল-
Cu (s) + 2AgNO3 (aq) → Cu(NO3)2 (aq) + 2Ag (s)
ইয়াত Cu য়ে AgNO3 ৰ লৱণৰ পৰা Ag ক অপসাৰিত কৰি Cu(NO3)2 লৱন প্ৰস্তুত কৰিছে আৰু Ag ৰ অধঃক্ষেপ উৎপন্ন হৈছে।
প্ৰশ্ন: ১৫) অধঃক্ষেপণ বিক্ৰিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা।
যি ৰাসায়নিক বিক্ৰিয়াত অধঃক্ষেপ উৎপন্ন হয় তাকে অধঃক্ষেপণ বিক্ৰিয়া বোলে ।
উদাহৰণস্বৰূপে:
(a) বেৰিয়াম নাইট্ৰেটৰ জলীয় দ্ৰৱৰ সৈতে ছালফিউৰিক এছিডৰ বিক্ৰিয়াৰ ফলত বেৰিয়াম ছালফেটৰ বগা অধঃক্ষেপ উৎপন্ন হয়।
Ba(NO3)2 (aq) + H2SO4 (aq) → BaSO4 (↓) + 2HNO3
(b) ছিলভাৰ নাইট্ৰেটৰ জলীয় দ্ৰৱি ছ’ডিয়াম ক্ল’ৰাইডৰ জলীয় দ্ৰৱৰ সৈতে বিক্ৰিয়া কৰি ছ’ডিয়াম নাইট্ৰেট আৰু ছিলভাৰ ক্ল’ৰাইডৰ বগা অধঃক্ষেপ উৎপন্ন কৰে।
AgNO3 (aq) + NaCl (aq) → AgCl (↓) + NaNO3
প্ৰশ্ন: ১৬) অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূ্হ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা।
a) জাৰণ
b) বিজাৰণ
(a) জাৰণ: ৰাসায়নিক বিক্ৰিয়া এটাত কোনো পদাৰ্থই অক্সিজেন লাভ কৰিলে তাক জাৰণ বোলা হয়।
উদাহৰণস্বৰূপে:
(i) বায়ুৰ উপস্থিতিত কাৰ্বন জ্বলালে কাৰ্বন-ডাই-অক্সাইড উৎপন্ন হয়।
C (g) + O2(g) → CO2 (g)
ইয়াত C য়ে O2 লাভ কৰি CO2 লৈ জাৰিত হৈছে।
(ii) অক্সিজেনৰ উপস্থিতিত মেগনেছিয়ামৰ ফিটা জ্বলালে মেগনেছিয়াম অক্সাইড উৎপন্ন হয়।
Mg (s) + O2 (g) → 2MgO (s)
ইয়াত Mg য়ে O2 লাভ কৰি MgO লৈ জাৰিত হৈছে।
(b) বিজাৰণ: যি ৰাসায়নিক বিক্ৰিয়াত কোনো পদাৰ্থই অক্সিজেন হেৰুৱাই তাকে বিজাৰণ বোলা হয়।
উদাহৰণস্বৰূপে:
(i) CuO (s) + H2 (g) → Cu (s) + H2O (l)
ইয়াত CuO য়ে O ত্যাগ কৰি Cu লৈ বিজাৰিত হৈছে।
(ii) ZnO (s) + C (s) → Zn (s) + Co (g)
ইয়াত ZnO য়ে O ত্যাগ কৰি Zn লৈ বিজাৰতি হৈছে।
প্ৰশ্ন: ১৭) এটা উজ্বল মুগা ৰঙৰ মৌল ‘X’ ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল। মৌল ‘X’ আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম লিখা।
যিহেতু মৌলটো উজ্বল মুগা বৰণৰ গতিকে মৌলটো হ’ল – ক’পাৰ (Cu) আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম হ’ল ক’পাৰ অক্সাইড (CuO).
2Cu (s) + O2 (g) → 2CuO (s)
প্ৰশ্ন: ১৮) লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয়?
যেতিয়া কোনো লোৰ বস্তু বহু সময়ৰ বাবে মুক্ত বায়ুত ৰখা হয় তেতিয়া বায়ুত থকা অক্সিজেন আৰু জ্বলীয় বাস্পই লোৰ সৈতে বিক্ৰিয়া কৰি লোৰ পৃষ্ঠত ৰঙচুৱা মুগা বৰণৰ পাউদাৰৰ সৃষ্টি কৰে। ইয়াকে ক্ষয়ীভৱন বোলে। ক্ষয়ীভৱনৰ ফলত গাড়ী-মটৰ, দলং, লোৰ বেৰা, জাহাজ আৰু ধাতুৰে তৈয়াৰী সকলো বস্তু বিষেশকৈ লোৰে তৈয়াৰী বস্তুবোৰ নষ্ট হয়। সেয়ে ক্ষয়ীভৱন ৰোধ কৰিৱলৈ লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয় । ইয়াৰ ফলত লো মুক্ত বায়ুৰ সংস্পৰ্শত আহিৱ নোৱাৰে আৰু বহু দিনলৈ ভালে থাকে।
প্ৰশ্ন: ১৯) তেল আৰু চৰ্বী থকা খাদ্যবস্তু নাইট্ৰ’জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়?
তেল আৰু চৰ্বী থকা খাদ্য বস্তুসমূহ বায়ুত থকা অক্সিজেনৰ উপস্থিতিত জাৰণ ঘটি দুৰ্গন্ধী হয় যিয়ে ইয়াক খোৱাৰ অনুপযোগী কৰি তোলে। সাধাৰণতে খাদ্য বস্তুসমূহ জাৰণ নঘটিৱলৈ নাইট্ৰ’জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়নো নাইট্ৰ’জেন হৈছে এবিধ প্ৰতিজাৰক পদাৰ্থ। নাইট্ৰ’জেনৰ পৰিৱেশত খাদ্যবস্তু ৰাখিলে ই বায়ুত থকা অক্সিজেনৰ সংস্পৰ্শত আহিৱ নোৱাৰে ফলত খাদ্য বস্তুৰ জাৰণ নঘটে ফলত খাদ্যবস্তুখিনি বহুসময়লৈ নষ্ট নোহোৱাকৈ থাকে।
প্ৰশ্ন: ২০) এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।
a) ক্ষয়ীভৱন ।
b) চৰ্বিৰ দুৰ্গন্ধিতা ।
(a) ক্ষয়ীভৱন: যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাস্প এছিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয়ী ঘটা বুলি কোৱা হয়।এই প্ৰক্ৰিয়াটোকে ক্ষয়ীভৱন বোলে। ক্ষয়ীভৱনৰ ফলত গাড়ী-মটৰ, দলং, লোৰ বেৰা, জাহাজ আৰু ধাতুৰে তৈয়াৰী সকলো বস্তু বিশেষকৈ লোৰে তৈয়াৰী বস্তুবোৰ নষ্ট হয়। যেতিয়া কোনো লোৰ বস্তু বহু সময়ৰ বাবে মুক্ত বায়ুত ৰখা হয় তেতিয়া বায়ুত থকা অক্সিজেন আৰু জ্বলীয় বাস্পই লোৰ সৈতে বিক্ৰিয়া কৰি লোৰ পৃষ্ঠত ৰঙচুৱা মুগা বৰণৰ পাউদাৰৰ সৃষ্টি কৰে। ইয়ো এক প্ৰকাৰৰ ক্ষয়ীভৱন। একেদৰে ছিলভাৰৰ ওপৰত পৰা ক’লাচামনি আৰু ক’পাৰৰ ওপৰত পৰা সেউজীয়া চামনিওঁ ক্ষয়ীভৱনৰ উদাহৰণ।
(b) চৰ্বীৰ দুৰ্গন্ধিতা: তেল আৰু চৰ্বীযুক্ত খাদ্যবস্তু দীৰ্ঘসময়ৰ বাবে মুক্ত অৱস্থাত ৰাখিলে ই বায়ুত থকা অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি জাৰিত হয়, ফলত বেয়া স্ৱাদ তথা বেয়া গোন্ধৰ সৃষ্টি হয় যিয়ে খাদ্যবস্তুখিনি খোৱাৰ অনুপযোগী কৰি তোলে। ইয়াকে চৰ্বীৰ দুৰ্গন্ধিতা বুলি কোৱা হয়। দুৰ্গন্ধিতা ৰোধ কৰিৱলৈ খাদ্য বস্তু বায়ুৰুদ্ধ পাত্ৰত আৱদ্ধ কৰি ৰখা হয়। তদুপৰি খাদ্যবস্তুৰ জাৰণ বন্ধ কৰিৱলৈ প্ৰতিজাৰক ব্যৱহাৰ কৰা হয় যিয়ে খাদ্যবস্তুক অক্সিজেনৰ সংস্পৰ্শৰ পৰা আঁতৰাই ৰাখে। চিপ্চ উৎপাদকসকলে জাৰণ নঘটিৱৰ বাবে চিপ্চৰ পেকেটত নাইট্ৰ’জেনক প্ৰতিজাৰক হিচাপে ব্যৱহাৰ কৰে।ইয়াৰ ফলত চিপ্চসমূহ বহু দিনলৈ নষ্ট নোহোৱাকৈ থাকে।